উত্তৰ শালমাৰা জিলা আমছুৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন


আজি "সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নʼʼ চমুকৈ 'আমছু'ৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আৰু মেৰেৰচৰ আৰু পল্টন বজাৰ আঞ্চলিক সমিতিৰ সহযোগত জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামৰ নেতৃত্বত এটি সঁজাতি দলে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত মেৰেৰচৰ অঞ্চলৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি গৰাখহনীয়া আৰু বানাক্ৰান্ত ৰাইজৰ বুজ লোৱাৰ পিছত কয় যে ৰাইজে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে।

         গতিকে, গৰাখহনীয়া আৰু বানাক্ৰান্ত ৰাইজক স্বাস্থ্য পৰীক্ষা কৰি ঔষধৰ প্ৰদান কৰা , বিশুদ্ধ খোৱা পানী, শিশু খাদ্য, মানুহৰ খাদ্য, পশুধনৰ খাদ্য আদি পৰ্যান্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ, বঙাইগাঁও জিলা প্ৰশাসন, উত্তৰ শালমাৰা মহকুমা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়। অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি জিলা আমছু সভাপতি বাহাৰুল ইছলামে জনাইছে।

Post a Comment

Previous Post Next Post