নামনি অসম বিটিএডি তথা প্ৰস্তাৱিত কমতাপুৰত এবছু ৰ চৰকাৰী প্ৰশাসনীয় বিষয়াৰ সৃষ্টিত বছৰ বছৰ ধৰি নিবনুৱা যুৱক- যুৱতীক প্ৰশিক্ষণ: কোকৰাঝাৰ ৰ পিছত আজি চিৰাং জিলাত ২৭জুনত বাক্সা,২৮জুনত ওদালগুৰি,২৯জুনত তেজপুৰ আৰু ৩০ জুনত গুৱাহাটীত এবছু ৰ উদ্যোগত প্ৰশাসনিক বিষয়াৰ প্ৰশিক্ষণ।
উত্তৰ পূৰ্বাঞ্চল তথা অসমত এখন সুকীয়া স্বাধীন বড়ো ৰাজ্য গঠনৰ অৰ্থে যুগ যুগ কাল ধৰি জংগী সংগ্ৰাম কৰি অহা বড়ো জাতীয় অৰাজনৈতিক সংগঠন সদৌ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু য়ে কেৱল বিভিন্ন আন্দোলনেই কৰা নাই।জাতিটোৰ উত্তৰণৰ বাবে এবছু য়ে কেতবোৰ বিভিন্ন দিশত দেশ বিদেশৰ বিশেষজ্ঞৰ লগত আলোচনা অব্যাহত ৰাখি বিগত ২০১২চনৰ পৰা আৰম্ভ কৰে বড়ো জনগোষ্ঠীটোৰ মেধাবী যুৱক যুৱতী সকললৈ কিদৰে বিভিন্ন চৰকাৰী প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তুলিবলৈ চিন্তা চর্চা আৰম্ভ কৰি তেতিয়াৰে পৰা আজিৰ তাৰিখ লৈকে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক APS, APSC, IS আৰু IPS আদিৰ কেইবাজনো অভিজ্ঞ ব্যক্তিৰ জৰিয়তে বিটিএডি ৰ চাৰিখন জিলাত প্ৰশিক্ষণ দি কেইবাজনো চৰকাৰী প্ৰশাসনিক বিষয়া নিযুক্তি প্ৰদান কৰি আহিছে। উল্লেখ যে নামনি অসম তথা প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত বড়ো জনগোষ্ঠীৰ একাংশ জাতীয় নেতাৰ তৎপৰতাত দখল কৰি বড়ো স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি আহিছে । অথচ কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ জাতীয় সংগঠনৰ নেতৃবৃন্দই মদ আৰু গাহৰি মাংসৰ বাহিৰে একোকে চিনি নোপোৱাৰ ফলত কোঁচ ৰাজবংশী প্ৰস্তাৱিত এলেকাত আজি বড়ো জনগোষ্ঠীৰ জনসাধাৰণ প্ৰগতিৰ মুখ দেখিছে।বিগত বৰ্ষৰ দৰে এইবাৰো বিটিএডি ৰ প্ৰতিটো জিলাৰ লগতে আজি চিৰাং জিলাৰ বিজনী মহাবিদ্যালয় পেক্ষাগৃহত এবছু ৰ উদ্যোগত অনুষ্ঠিত হয় সামৰিক আৰু অসামৰিক সেৱাৰ পৰীক্ষাৰ বিশেষ প্ৰস্তুতিৰ শিবিৰ। একেদৰে ২৭ জুনত বাক্সা জিলাৰ মুছলপূৰ ,২৮জুনত ওদালগুৰি ,২৯জুনত তেজপুৰ আৰু ৩০ জুনত গুৱাহাটীত অনুষ্ঠিত কৰিব বুলি এবছু ৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো ই প্ৰকাশ কৰিছে ।ইফালে প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কেন্দ্ৰত নতুন দিল্লীৰ আই এ এছ কেন্দ্ৰৰ সঞ্চালক জিতেন্দ্ৰ কুমাৰ ,নৰ্থ ইষ্ট ফাউণ্ডেচনৰ অধ্যক্ষ ৰঞ্জন কুমাৰ বৰুৱা আৰু চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ,বিটিএডি ৰ সচিব নৰেন্দ্ৰ কুমাৰ বসুমতাৰী ,ট্ৰাইবেল সংঘৰ জিলা সভাপতি শুকলেশ্বৰ বসুমতাৰী আদিয়ে অংশগ্ৰহণ কৰি বিভিন্ন দিশত উপস্থিত ছাত্ৰ ছাত্ৰী সকলক ভাষণত পৰামৰ্শ আগবঢ়ায় ।সভাৰ উদ্দেশ্য বাখ্যা কৰে এবছু ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ।