আফগানিস্তান ভূমিকম্প: মৃত্যুৰ সংখ্যা ১০০০লৈ বৃদ্ধি

 


দক্ষিণ-পূব আফগানিস্তানৰ দুৰ্গম অঞ্চলত ৬.১ ৰিখটাৰ প্ৰবল ভূমিকম্পই জোকাৰি যোৱাৰ ফলত প্ৰায় ১০০০ লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০০ লোক আহত হৈছে।

কৰ্তৃপক্ষই জনোৱা মতে, অনুন্নত অঞ্চলটোত শ শ বাসগৃহ ধ্বংস হৈছে।

চুবুৰীয়া দেশ পাকিস্তান আৰু ইৰাণত কম্পন অনুভৱ , য’ত তাৎক্ষণিকভাৱে কোনো ধৰণৰ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই।

নিশা ০১:৩০ বজাত (২১:০০ জিএমটি মঙলবাৰ)  সময়তে ভূমিকম্পৰ সৃষ্টি হয়।

দুটা দশকৰ ভিতৰত আফগানিস্তানত হোৱা আটাইতকৈ মাৰাত্মক ভূমিকম্প আৰু যোৱা বছৰ পশ্চিমীয়া সমৰ্থিত চৰকাৰখনৰ পতনৰ পিছত পুনৰ ক্ষমতা লাভ কৰা ইছলামিক আন্দোলন তালিবানৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান।

Post a Comment

Previous Post Next Post