পানবাৰীৰ শুপাৰীঘাট কেন্দ্ৰীয় সেনা বাহিনীৰ ছাউনীৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন।

গৌৰীপুৰ আৰু কাজিগাওঁ আৰক্ষী থানাৰ সীমামূৰীয়া পানবাৰীৰ শুপাৰীঘাট কেন্দ্ৰীয় সেনা বাহিনীৰ ছাউনীৰ সন্মুখত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।

থিতাতে নিহত হয় এগৰাকী মটৰচাইকেল আৰহী।

লালমাটি কঢ়িয়াই নিয়া ডাম্পাৰ আৰু মটৰ চাইকেলৰ মুখামুখি খুন্দিয়াৰ ফলত মটৰ চাইকেল আৰোহি জন নিহত হয়।

লালমাটি কঢ়িয়াই নিয়া ডাম্পাৰ খন গৌৰীপুৰৰ পৰা পানবাৰী অভিমুখী আহি থকা অৱস্থাত বিলাসপাৰা পৰা আহি থকা মটৰ চাইকেল খনৰ মাজত মুখামুখি খুন্দা মাৰে বুলি জানিব পৰা গৈছে।

লালমাটি কঢ়িয়াই নিয়া ডাম্পাৰ খনৰ নাম্বাৰ AS - 26C - 2904।

মটৰচাইকেল খনৰ নাম্বাৰ হৈছে AS - 17C - 1718

দুৰ্ঘটনা সংঘটিত হোৱাৰ খৱৰ পাই গৌৰীপুৰ আৰু কাজিগাওঁ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ 

ইপিনে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰিতু জ্যোতি নাথ কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰমজান আলীও ঘটনাস্থলীত উপস্থিত হৈছে বুলি আমাৰ হাতত খৱৰ আহি পৰিছে ৷ 

নিহত মটৰ চাইকেল আৰোহি জন ধুবুৰীৰ খলিলপুৰৰ পীয়ুচ কুমাৰ সৰকাৰ পুত্ৰ বিপ্ৰ জ্যোতি সৰকাৰ বুলি জানিব পৰা গৈছে।

গৌৰীপুৰৰ পৰা সাহাবুদিন মোল্ল্যাৰ ৰিপোৰ্ট ৷

Post a Comment

Previous Post Next Post