কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ , ৰাজবংশী ভাষাক স্বীকৃতি প্ৰদান আৰু পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ আক্ৰছুৰ ।
ভিন্ন প্ৰান্তৰ পৰা অহা শ — শ আক্ৰাছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
বিগত বছৰ — বছৰ ধৰি কোচ ৰাজবংশী জাতিটোক প্ৰতাৰণা আৰু নিৰ্বাচনৰ সুবিধা লৈ শাসনাধীন বিজেপি চৰকাৰে টোপ দেখুৱাই কোচ ৰাজবংশী জনগোষ্ঠীক ব্যবহাৰ কৰি অহাৰ প্ৰতিবাদত আক্ৰাছুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কৰ্য্যসূচী ।