কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীক মাৰপিট কৰি বগৰীবাৰী অঞ্চলত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰা মাষ্টাৰ মাইণ্ড ৰিংকুক আটক ।
যোৱা কালি বিদ্যালয়ৰ ছাত্ৰী ,অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক সকল নিৰাপত্তা বিচাৰি বগৰীবাৰী থানাত উপস্থিত হৈছিল ৷
যোৱা ৰাতি উপ পৰিদৰ্শক ৰমেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত এই লম্পট ৰিংকুক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
এতিয়া এই জঘন্য কাণ্ডৰ লগত জড়িত থকা আন সদস্য সকল গ্ৰেপ্তাৰ হোৱা নাই।