পৰ্বতঝোৰাৰ মুৰশুলঝোৰাত জংঘলৰ মাজত অচিনাক্ত মহিলাৰ মৃতদেহ হৈছে উদ্ধাৰ

পৰ্বতঝোৰাৰ মুৰশুলঝোৰাত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড :
জংঘলৰ মাজত অচিনাক্ত মহিলাৰ মৃতদেহ হৈছে উদ্ধাৰ : ইতিমধ্যে কাজিগাওঁ আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত ৷
দূৰ্বিত্তই ডিঙি কাটি হত্যা কৰে এগৰাকী মহিলাক ৷

জংগলৰ মাজত অৰ্ধউলঙ্গ অৱস্থাত  উদ্ধাৰ দূৰ্ভোগীয়া মহিলা গৰাকীৰ মৃতদেহ ৷

মৃতদেহৰ ওচৰতে পৰি আছে কাপোৰ কানি ৷

জংঘলত খৰি কাটিবলৈ গৈ আজি প্ৰত্যক্ষ কৰে একাংশ খৰিকাটিবলৈ যোৱা লোকে ৷

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৰশুলঝোৰাত।

ইতিমধ্যে এই হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে কাজিগাওঁ আৰক্ষী থানাৰ বিষয়া ৰমজান আলীয়ে তীব্ৰ অভিযান চলাইছে

Post a Comment

Previous Post Next Post