নাবালিকাক যৌন উৎপীড়ন, অপৰাধীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড অভয়াপুৰীৰ বিশেষ আদালতৰ


অভয়াপুৰী থানাৰ অন্তৰ্গত বাৰীপুখুৰী শালবাগানত কণমানি ছোৱালী এজনীক ধৰ্ষণ কৰাৰ অপৰাধত পাষণ্ড দিলীপ মণ্ডল ওৰফে দাসক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিলে অভয়াপুৰীৰ বিশেষ আদালতে৷ ৫০হেজাৰ টকাৰ জৰিমনা অনাদায়ে তিনি বছৰৰ অতিৰিক্ত কাৰাদণ্ডৰ ৰায়দান কৰে বিশেষ ন্যায়াধীশ উপেন কুমাৰ নাথে৷

২০১৯ চনৰ ১৭ ছেপ্টেম্বৰৰ সন্ধিয়াতে বাৰীপুখুৰীত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল দিলিপে৷ মাথোঁ ৫ বছৰীয়া কণমানি ছোৱালীজনীক বলপূৰ্বক আঠু কঢ়াই দুষ্কাৰ্য কৰিছিল পাষণ্ড দিলিপে৷ টিলাপাৰাৰ আলহীৰ ঘৰৰ পৰা আহি থাকোতে দিলিপৰ যৌনলালসাৰ বলি হোৱাৰ দৃশ্য দেখিছিল কণমানিৰ পিতৃয়ে৷
যৌনাংগৰ উৎকৎ বিষত তিনিদিনলৈ খোজ কাঢ়িব পৰা নাছিল তাই৷ ২০১৯ চনৰ ১৯ ছেপ্টেম্বৰত অভয়াপুৰী থানাত ৩৭৬ নং ধাৰাৰ অধীনত ৰুজু হয় ৬২৬ নম্বৰ গোচৰ৷ সংযোজন হয় শিশু নিৰ্যাতনৰ POCSO আইনৰ ৪নং ধাৰা৷ তদানীন্তন অ’চি দীপক বৈশ্যই জোৰদাৰ তদন্তৰ পাছত ২০২০ চনৰ ৩১ ডিচেম্বৰত চাৰ্জছীট দাখিল কৰে৷
উত্তৰ শালমাৰাৰ অভয়াপুৰীৰ বিশেষ আদালতে P22(A)/2021 নম্বৰত এই গোচৰ পঞ্জীভুক্ত কৰি POCSOৰ ৪ নম্বৰ ধাৰা সলনি কৰি ৬নম্বৰ ধাৰাৰ অধীনত বিচাৰ চলায়৷ 
বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি মহামান্য আদালতে দিলীপ মণ্ডল ওৰফে দাসক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰিও ৫০ হেজাৰ টকাৰ জৰিমনা অনাদায়ে অতিৰিক্ত তিনি বছৰৰ কাৰাবাসৰ ৰায়দান কৰে৷
গোচৰীয়া পক্ষৰ হৈ ওকালতি কৰে চৰকাৰী বিশেষ অধিবক্তা গৌতম চৌধুৰীয়ে৷ পাষণ্ড দিলীপৰ বিৰুদ্ধে আদালতৰ এই ৰায়ৰ শলাগ লৈছে ৰাইজে৷

Post a Comment

Previous Post Next Post