চিৰাং জিলাৰ বিজনীত অব্যাহত আছে হস্তী মানুহৰ সংঘাত।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিজনীৰ ভাৰত- ভূটান সীমান্তত ওলাই অহা বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে বহু লোক।ইয়াৰ মাজতে শনিবাৰ নিশা চিৰাং জিলাৰ কুকলুং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সমিপৰ ৪ নং ধৰ্মপুৰত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় এজন বৃদ্ধ।বৃদ্ধ গৰাকীৰ নাম ৰবিৰাম বসুমতাৰী(৮২)। নিশা বন্যহস্তীয়ে ৰবিৰাম বসুমতাৰীৰ ঘৰত প্ৰবেশ কৰি তাণ্ডৱ সৃষ্টি কৰিছিল।ঘৰৰ মুৰব্বী ৰবিৰাম বসুমতাৰী নামৰ ব্যাক্তিজনে ঘৰৰ পৰা বাহিৰত ওলোৱাৰ সময়তে বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় বৃদ্ধজন।আনহাতে পৰিয়ালৰ আন সদস্য সমূহ কথমপি পলাই সাৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।পাছত আজি পুৱাৰ ভাগত ঘটনাস্থলিত বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।বন বিভাগৰ গাফিলতি আৰু বৈদ্যুতিক শ্বৰ্ট লাইনৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ।
- Home
- Category
- _আন্ত:ৰাষ্ট্ৰিয়
- _ৰাষ্ট্ৰীয়
- _ৰাজ্যিক
- _আঞ্চলিক
- _প্ৰবন্ধ
- _খেল
- _অৰ্থনীতি আৰু বাণিজ্য
- _স্বাস্থ্য আৰু লাইফষ্টাইল
- _মনোৰঞ্জন
- _সামাজ আৰু ৰাজনীতি
- _শিক্ষা
- _ফেশ্বন
- _কেৰিয়াৰ
- _সাম্প্ৰতিক ঘটনা
- _বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
- _প্ৰেছ বিজ্ঞপ্তি
- ডেচবৰ্ড
- পোষ্ট
- নিউজ অসম ডিজিটেল টিভি
- বিজ্ঞাপন
- Download News Assam digital App