গৌৰীপুৰৰ টিয়ামাৰিত এজনী ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ হৈছে : ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ মাজত হুৱাদুৱা লাগিছে
যোৱা ১৯ ইং তাৰিখৰ পৰা ধুবুৰী জিলাৰ গৌৰীপুৰত এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ হৈছে ।
যোৱা ১৯ ইং তাৰিখত স্কুল যোৱাৰ পথৰ পৰা নিৰুদ্দেশ হৈছে বুলি পৰিয়ালৰ লোকে জনাইছে।
ছাত্ৰীজনী মদিনাতুল উলুম হাই মাদ্ৰাছাৰ নৱম শ্ৰেণীৰ ছাত্ৰী মনছুৰা বেগম।
২০ ইং ,২০২২ তাৰিখে গৌৰীপুৰ আৰক্ষী থানাত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷
গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে সন্ধান চলাইছে যদিও এতিয়াও ছাত্ৰীজনীৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই।
অসহায় বিধৱা মাতৃয়ে কান্দি — কান্দি প্ৰশাসন আৰু ৰাইজৰ ওচৰত সহায় বিচাৰিছে।
কোনোৱাই যদি ছাত্ৰীজনেৰ সন্ধান পায় 9957894023 মোৱাইল নম্বৰত যোগাযোগ কৰিৱ পাৰিব।