গৌৰীপুৰৰ ৰৌবাগাওঁত ভুমিবিবাদক কেন্দ্ৰত এজন নিহত আৰু তিনি জন গুৰুত্বৰ ভাবে আহত

গৌৰীপুৰৰ ৰৌবাগাওঁত ভুমিবিবাদক কেন্দ্ৰত এজন নিহত আৰু তিনি জন গুৰুত্বৰ ভাবে আহত : নিহত যুৱকজনৰ নাম হৈছে মফিজুৰ 
গৌৰীপুৰত দীৰ্ঘ দিনৰ পৰা চলি আহিছে ভূমাফিয়াৰ দপদপনি ৷

 ভূমাফিয়াৰ আক্ৰমণত মৃত্যু এগৰাকী কলেজীয়া ছাত্ৰৰ। 

কলেজীয়া ছাত্ৰজনৰ নাম হৈছে মফিজুৰ ৷

মফিজুৰ আছিল মেট্ৰিক পাছ এগৰাকী কলেজীয়া ছাত্ৰ ৷

চৰকাৰী খাচ মাটিত অবৈধ মাটি কটাক কেন্দ্র কৰি সংঘটিত হৈছে এই হত্যাকাণ্ড ৷

চোকা ডেগাৰেৰে হানি — খুচি হত্যা এজন কলেজীয়া ছাত্ৰক আৰু আন তিনিজন গুৰুতৰ ভাবে আহত হৈছে ৷

 নিহত ছাত্ৰজনক মৰাণোওৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজত লৈ যোৱা হৈছে ৷

আহত তিনিগৰাকী ব্যক্তিক ধুবুৰী মেডিকেল কলেজত চিকিৎসা চলাই থকাৰ বাতৰি আমালৈ আহি পৰিছে গৌৰীপুৰৰ পৰা ৷ 

জানিব পৰা মতে গৌৰীপুৰৰ খামাৰ গাওঁৰ ফিৰ্দুছ , সাহান , নাজিৰ , ছোলেমান আৰু বৰবাবু নামৰ পাচঁ জনীয়া এটি দলে খেদি — খেদি এজন লোকৰ চোতালত হত্যা কৰাৰ লগতে আন তিনিজনক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত কৰে। 

এই ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ সঁজাতী দল উপস্থিত হয় ৷

এই ঘটনা সংঘটিত কৰি ভূমাফিয়াৰৰ সঁজাতী দল পলায়ন কৰিছে ৷

গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ভূমাফিয়াৰ দলটোক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰচেষ্টা অৱ্যহত ৰাখিছে ।

Post a Comment

Previous Post Next Post