মাৰাং বুৰু ( পাৰছনাথ পৰ্বত) অনতিপলমে ভাৰতৰ সান্তাল আদিবাসী সকলক ঔভতাই দিয়াৰ আৰু সাধাৰণ ধৰ্ম কড অভিলম্বে লোকপিয়ল জনগনাত অন্তর্ভুক্ত কৰাৰ ইত্যাদি বিভিন্ন দাৱীত আজি বি-টি-এ-ডি এলেকাৰ ৰাজধানী কোকৰাঝাৰত ৩ ঘন্টীয়া অৱস্থান ধৰ্ণাৰে উত্তাল কৰি তোলে কোকৰাঝাৰ জিলা আদিবাসী সেংগেল ( সশক্তিকৰন) অভিযান সমিতিই ৷ কোকৰাঝাৰ চহৰৰ শিশু উদ্যাণত এই উপলক্ষে কোকৰাঝাৰ জিলা আদিবাসী সেংগেল ( সশক্তিকৰন) অভিযান সমিতিৰ বি টি আৰ জোনাল সমিতিৰ হেড সোনিৰাম মুৰ্মুৰ নেতৃত্বত ধৰ্ণাকাৰী সকলে চৰকাৰ বিৰোধী শ্ল’গানৰে উত্তাল কৰি তোলে কোকৰাঝাৰৰ আকাশ বতাহ ৷ পিছত কোকৰাঝাৰ জিলা আদিবাসী সেংগেল ( সশক্তিকৰন) অভিযান সমিতিৰ সভাপতিৰ স্বাক্ষৰিত দাৱী সম্বলিত এখন স্মাৰক পত্ৰ উপাযুক্তৰ যোগেদি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ৷
বি-টি-এ-ডি এলেকাৰ ৰাজধানী কোকৰাঝাৰত আদিবাসী সেংগেল ( সশক্তিকৰন) অভিযান সমিতিৰ ধৰ্ণাত চৰকাৰী বিৰোধী শ্ল’গানৰে উত্তাল
0