গণতন্ত্ৰ দিৱস উপলক্ষে ভৱানীপুৰ শিক্ষা খণ্ডৰ কাৰ্যালয় একাদশ আৰু চি আৰ চি চি একাদশ ৰ মাজত হাউলী হাইস্কুল খেলপথাৰত এখন প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত কৰা হয়। মেচখনত চি আৰ চি চি একাদশে ছয় উইকেটত জয়লাভ কৰে। চি আৰ চি চি একাদশে টছত জয়লাভ কৰি প্ৰথমে ফিলডিং লয়। কাৰ্যালয় একাদশে প্ৰথমে বেটিং কৰি ১৫ অ'ভাৰত ৬ টা উইকেট হেৰুৱাই ১৮০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত চি আৰ চি চি একাদশে ১৪.১ অ'ভাৰত ১৮১ ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে। চি আৰ চি চি একাদশৰ হৈ ফিৰাজুল হকে সৰ্বাধিক ৩৮ টা বলত ৭০ ৰাণ কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে। লগতে ১ টাকৈ উইকেট দখল কৰে। ফিৰাজুল হকক মেন অৱ দা মেচ বঁটা প্ৰদান কৰা হয়। তদুপৰি চি আৰ চি চি একাদশৰ কেপ্টেইন তথা বলাৰ মৃদুল ভৰদ্বাজ ক শ্ৰেষ্ঠ বলাৰ আৰু কাৰ্যালয় একাদশৰ চম্পক নাথক শ্ৰেষ্ঠ বেটচমেন বঁটা প্ৰদান কৰা হয়। মৃদুল ভৰদ্বাজে ৩ অ'ভাৰ ত ১৫ ৰাণ দি ২ টাকৈ উইকেট দখলত কৰে আৰু চম্পক নাথে ২৫ টা বলত দলৰ হৈ সৰ্বাধিক ৪০ ৰাণ সংগ্ৰহ কৰে। চি চি একাদশৰ ভৱেশ পাঠকে অপৰাজিত ৩৩ ৰাণ কৰি দলক জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰেে লগতে ৰাজিবুল হকে অপেনিং কৰি দলক এক শক্তিশালী স্থানত উপনীত হোৱাত সহায় কৰেৱাত সহায় কৰে। উক্ত মেচখনত ভৱানীপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া শ্ৰীযুত পৰেশ শৰ্মা দেৱে উপস্থিত হৈ দুয়োটা দলৰ মনোবল বৃদ্ধি কৰে আৰু বিজয়ী দলক বিজয়ী ট্ৰফি প্ৰদান কৰে। মেচ খনত ধনজিৎ খাটনিয়াৰক মেচ ৰেফাৰী হিচাপে নিযুক্তি দিয়া হৈছিল।
গণতন্ত্ৰ দিৱস উপলক্ষে ভৱানীপুৰ শিক্ষা খণ্ডৰ কাৰ্যালয় একাদশ বনাম চি আৰ চি চি একাদশ ৰ মাজত প্ৰীতি ক্ৰিকেট মেচ: চি আৰ চি চি একাদশৰ জয়লাভ।
0