ৰাজহুৱা সভাত আয়ুৱ আলী শৰ্মাৰ ভুল স্বীকাৰ আৰু ৰাইজৰ ওচৰত শৰনাগত

বঙাইগাঁও জিলাত বিগত আঠ বছৰ ধৰি চলি থকা এক গোচৰ জিলা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত হল নিষ্পত্তি:তীব্ৰ চাঞ্চল্য আৰু কৰি তুলিছে আকৰ্ষণীয় ।
নামনী অসমৰ বঙাইগাঁও জিলাত বিগত আঠ বছৰ পূৰ্বে ফেচবুকত ইছলাম ধৰ্মৰ ওপৰত কুমন্তব্য কৰি নিজ সমাজৰ পৰা বিচ্ছেদ হোৱা আয়ুৱ আলি শৰ্মা নামৰ লোক জনৰ পৰিয়ালৰ সৈতে আজি অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাই পূৰ্বৰ বিচ্ছিন্নত উঠাই লোৱাত বিশেষ আকৰ্ষণীয় বতৰা কঢ়িয়াই আনিছে। 
প্ৰাপ্ত বাতৰি মতে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে বিগত ৮বছৰ ধৰি চলি থকা এক গোচৰ আজি উত্তৰ শালমাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত অভয়াপুৰী থানাৰ আৰক্ষী বিষয়াই জিলাখনৰ নাম্বাৰপাৰাত এক ৰাজহুৱা সভা আহ্বান জনায়।আৰু উক্ত ৰাজহুৱা সভাত আয়ুৱ আলীয়ে নিজে ভুল স্বীকাৰ কৰি ৰাইজৰ ওচৰত শৰনাগত হয়।পিছত ৰাইজে বিভিন্ন আলোচনাৰ অন্তত আয়ুৱ আলীক ক্ষমা প্ৰাৰ্থনা কৰি নিজ সমাজত পুনৰ গ্ৰহণ কৰে।এই ঘটনাই এতিয়া দীৰ্ঘদিন ধৰি চলি থকা এক গোচৰ হঠাতে আজি নিষ্পত্তি হোৱাত তীব্ৰ চাঞ্চল্য আৰু আকৰ্ষণীয় কৰি তুলিছে বুলি বাতৰিটোত প্ৰকাশ।

Post a Comment

Previous Post Next Post