পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী আক্ৰমণত নিহত ৯ জনকৈ নিৰাপত্তাৰক্ষী বিষয়া


পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত সোমবাৰে সংঘটিত হোৱা সন্দেহযুক্ত আত্মঘাতী বিস্ফোৰণত কমেও ৯ জন আৰক্ষী বিষয়া নিহত হোৱাৰ লগতে ১১ জন আহত হয়।  বেলুচিস্তান প্ৰদেশত এই বিস্ফোৰণ সংঘটিত হয় যেতিয়া বিষয়াসকলে এটা উৎসৱৰ পৰা প্ৰাদেশিক ৰাজধানী কুৱেটালৈ উভতি আহিছিল। বেলুচিস্তানত ২৪ ঘণ্টাৰ ভিতৰত নিৰাপত্তা বাহিনীৰ ওপৰত এইটো দ্বিতীয়টো আক্ৰমণ। কোনো গোটে এতিয়ালৈকে দায়িত্ব স্বীকাৰ কৰা নাই।কাছি আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষক মেহমুদ নোটেজাইয়ে কয় যে প্ৰদেশখনৰ ছিবি জিলাত আৰক্ষীক লৈ যোৱা এখন বাহনক লক্ষ্য কৰি লোৱা হৈছে। তদন্ত চলি থকা বুলিও তেওঁ কয়, ‘প্ৰাথমিক প্ৰমাণৰ পৰা অনুমান কৰিব পাৰি যে ই আত্মঘাতী আক্ৰমণ আছিল।

বেলুচিস্তান চৰকাৰে এই আক্ৰমণক গৰিহণা দি তদন্ত অব্যাহত থকা বুলি প্ৰকাশ কৰিছে।

বেলুচিস্তানৰ মুখ্যমন্ত্ৰী আব্দুল কুদ্দুছ বিজেনজোৱে জনসাধাৰণৰ সমৰ্থনত প্ৰদেশখনত কয় যে শান্তিৰ বিৰুদ্ধে এনে সকলো ষড়যন্ত্ৰ কেতিয়াও সফল নহ’ব।

Post a Comment

Previous Post Next Post