আজি পুৱা প্ৰায় ০৯:১৫ বজাত অৰুণাচল প্ৰদেশৰ বমডিলাৰ সমীপত অপাৰেচনেল ছৰ্টী উৰুৱাই থকা সেনা বিমান পৰিবহণৰ চিতা হেলিকপ্টাৰখনে এ টি চিৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাৰ খবৰ পোৱা গৈছে। বোমডিলাৰ পশ্চিমৰ মণ্ডলা সমীপত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। দুপৰীয়া প্ৰায় ১২.৩০ বজাত ডিৰাং থানাৰ অন্তৰ্গত বাংজালেপ গাঁৱৰ গাঁওবাসীয়ে এখন দুৰ্ঘটনাগ্ৰস্ত চপাৰ উদ্ধাৰ হোৱা বুলি জনাইছে।
Tags
ৰাষ্ট্ৰীয় বাতৰি