পুনৰ পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া( PFI) ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে।
বৰপেটাৰোডত ৰেল ষ্টেচনৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে PFIৰ দুই শীৰ্ষ নেতা সহ আন এজনক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা PFIৰ নেতা দুগৰাকী হ’ল আবুশ্বামা আহমেদ আৰু জাকিৰ হুছেইন ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আনজন CFI নেতাৰ নাম জানিব পৰা নাই ৷ ধৃত আবুশ্বামা আহমেদ PFIৰ অসমৰ সভাপতি পদত থকাৰ লগতে জাকিৰ হুছেইন আছিল PFIৰ ৰাজ্যিক সম্পাদক ৷ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাকিৰ হুছেইন আৰু এজনক দিল্লীত কেবামাহ ধৰি আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও তেওঁলোকে PFIৰ লগত সম্পৰ্ক থকাৰ অভিযোগত বিগত কেইমাহমান পূৰ্বে কাৰাবাসো খাটিব লগীয়া হৈছিল ৷
পুনৰ পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া( PFI) ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: গ্ৰেপ্তাৰ সভাপতি -সম্পাদক সহ তিনিজন।
0