বৰপেটা জিলা ভিত্তিক জন-ভাগিদাৰী কাৰ্য্যক্ৰম সফলভাৱে পালন

বৰপেটা ৯ জুন : নিপুন ভাৰত অভিযানত ভাৰতবৰ্ষৰ বিভিন্ন স্তৰৰ লোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰা জন-ভাগিদাৰী কাৰ্যক্ৰম বৰপেটাত পূৰ্ণ গতিত চলি আছে। তাৰেই অংশ স্বৰূপে আজি সমগ্ৰ শিক্ষা ‌বৰপেটাৰ উদ্যোগত জিলা ভিত্তিক জন-ভাগিদাৰী কাৰ্য্যক্ৰম ছবি অঁকা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, ছন্দ গীতৰ প্ৰতিযোগিতা, এফ এল এন সামগ্ৰী (শিকণ-শিক্ষণ সামগ্ৰী)ৰ প্ৰদৰ্শন, শোভাযাত্ৰা, মত- বিনিময়, আলোচনা চক্ৰ আদি তাৎপৰ্যপূৰ্ণ তথা আনন্দ দায়ক কাৰ্য্যসূচীৰে কেন্দ্ৰীয় বিদ্যালয় বৰপেটাত পালন কৰা হয়। 

 বৰপেটা জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক উপস্থিত থকা আজিৰ এই অনুষ্ঠানটোত বৰপেটা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গ, অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্ত, ডায়েট বৰপেটাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মৃণাল কুমাৰ চৌধুৰী, অৱসৰপ্ৰাপ্ত ডায়েট প্ৰবক্তা গীতাঞ্জলী দেৱী, সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া সীতাংগ ডেকা, সৰ্বাত্মক শিক্ষা গোটৰ জিলা আচঁনি বিষয়া কিশোৰ ৰাজবংশী, বৰপেটা জিলাৰ FLN ৰ প্ৰালোচক মিনাক্ষী দাস আৰু বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ কঞ্জলোচন পাঠক উপস্থিত থাকে।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে পোনপ্ৰথমে বৃক্ষৰোপণ কাৰ্যসূচীত‌ অংশগ্ৰহণ কৰে আৰু পিছলৈ বৰপেটা জিলাৰ বিভিন্ন স্হানৰ পৰা অহা ছাত্ৰ ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ লগত মত বিনিময় কৰে।‌ তেওঁ শিক্ষাৰ ভেটি মজবুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে লগতে ছাত্ৰ ছাত্ৰীৰ মনত ভয় আৰু শংকা দুৰ কৰাৰ বাবে পদক্ষেপ লবলৈ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়। আনহাতে সভাত উপস্থিত থাকি ডায়েট বৰপেটাৰ অধ্যক্ষ মৃণাল চৌধুৰীয়ে শিকণৰ ধাৰণা সম্পূৰ্ণৰূপে পোৱাৰ বাবে কিদৰে হাতে কামে পাঠদান কৰিব লাগে তাৰ আৰ্হি প্ৰদৰ্শন কৰে। ইয়াৰ পিছত ডায়েট বৰপেটাৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা গীতাঞ্জলী দেৱীয়ে বিভিন্ন শিকণ শিক্ষন সামগ্ৰী ব্যৱহাৰ কৰি শিকণ ঘাটি কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰ বৰ্ণনা কৰে। 
আজিৰ অনুষ্ঠানটোত Rhymes বা ছন্দ গীত প্ৰতিযোগিতাত ৫০৩ নং বিলৰতাৰী হাটী প্ৰাথমিক বিদ্যালয়ৰ ভাগ্যশ্ৰী পাঠকে প্ৰথম স্থান, ১৫০৮ নং সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ কৃষ্ণা পাঠকে, ১১৫৬ নং সুন্দৰীদিয়া বাণীপীঠ প্ৰাথমিক বিদ্যালয়ৰ মহালক্ষ্মী বায়নে তৃতীয় স্থান লাভ কৰে। আনহাতে ছবি অকা প্ৰতিযোগিতাত দেৱব্ৰত দাসে প্ৰথম, বাৰ্বিক দাসে দ্বিতীয়, ৰুহি আফচিনে তৃতীয় স্হান লাভ কৰে। একেদৰে সংগীত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ছয়নিকা বায়ণ, মনশ্ৰী কাশ্যপ, বিৰিণা দাসে। এফ এল এনৰ ওপৰত অনুষ্ঠিত এই জন ভাগিদাৰী কাৰ্য্যক্ৰমৰ লগত সংগতি ৰাখি শিকণ-শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ বাবে আজিৰ এই অনুষ্ঠানতে ১৫০৮ নং সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়, ১নং দলাহাটী প্ৰাথমিক বিদ্যালয়, ৩ নং দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়, ১৫০৮ নং সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়, ৫৩৩ নং সুন্দৰীদিয়া প্ৰাথমিক বিদ্যালয়, ১১২২ নং নাৰ্চাৰী প্ৰাথমিক বিদ্যালয় আৰু ১১৫৬ নং সুন্দৰীদিয়া বাণীপীঠ প্ৰাথমিক বিদ্যালয়কো বিশেষ বটা প্ৰদান কৰা হয়।

Post a Comment

Previous Post Next Post