বৰপেটাৰ ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা এজন কাৰাবন্দী আচামীয়ে পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ বৰপেটা আৰক্ষীয়ে জনোৱামতে চিকিৎসাধীন অৱস্থাৰ পৰা পলায়ন কৰা আচামীটোৰ নাম ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে। পলাতক আচামী ছহিদুল ইছলামৰ ঘৰ ৰাঙাপানী গাঁৱত ৷
জানিব পৰা মতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ মেডিচিন বিভাগৰ পৰা আচামীটোৱে পলায়ন কৰিছে ৷ বৰপেটা মেডিকেল কলেজ হস্পিতালৰ পৰা চিকিৎসাধীন কয়দী আচামীৰ পলায়নৰ ঘটনাক লৈ বৰপেটাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
আৰক্ষী সূত্ৰই জনোৱা মতে বৰপেটা জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা ছহিদুল ইছলামৰ শাৰিৰীক অসুস্থতাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসকে ছহিদুল ইছলামৰ চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় মহলাত থকা মেডিচিন বিভাগৰ চতুৰ্থ ব্লকত ভৰ্তি কৰাই চিকিৎসা চলাই থকা বুলি জানিব পৰা গৈছে ৷ পিচে চিকিৎসাধীন অৱস্থাত থকা আচামীটোৱে পুৱতি নিশা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফ খুলি পলায়ন কৰে ৷
বৰপেটা আৰক্ষীয়ে জনোৱা মতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ মেডিচিন বিভাগত বৰপেটা কাৰাগাৰত বন্দী হৈ থকা মুঠ তিনিটা আচামীক ভৰ্তি কৰা হৈছিল ৷ আচামীকেইটাৰ সুৰক্ষাৰ বাবে ৬ জনকৈ আৰক্ষী নিয়োগ কৰিছিল বৰপেটা থানাই ৷ পিচে ৬ জনকৈ আৰক্ষীৰ চকুত ধূলি দি আচামীটোৱে হেণ্ডকাফ খুলি পলায়নৰ ঘটনাক লৈ আৰক্ষীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷
পলাতক আচামী ছহিদুলৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ লগতে আচামীটোৱে কিদৰে হেণ্ডকাফ খুলি থৈ পলায়ন কৰিবলৈ পালে তাক লৈ অনুসন্ধান অব্যাহত আছে ৷