বৰপেটাত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ত জড়িত মছজিদৰ ইমাম গ্ৰেপ্তাৰ

 
বৰপেটাত  আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল ড্ৰাগছ ব্যৱসায়ত জড়িত মছজিদৰ এগৰাকী ইমাম । বৰপেটা জিলাত এইবাৰ সন্মানীয় ইমাম হিচাপে কাম কৰা এজন লোক ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি সৃষ্টি হৈছে ৷ আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি AS-01-AU-2917 নম্বৰৰ এখন মটৰ চাইকেলেৰে ড্ৰাগছৰ ডেলিভাৰী দিবলৈ গৈ থকা অৱস্থাত ধানবান্ধা গাৱত বৰপেটা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী তথা প্ৰাক্তন ইমাম আৰশ্বাদুজ জামানক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে ব্যৱসায়ীটোৰ পৰা মুঠ ৯৩,০০০/- টকাসহ চাবোনৰ কেচত লুকুৱাই অনা অৱস্থাত প্ৰায় ৩৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ইপিনে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত মটৰ চাইকেলখনো জব্দ কৰিছে আৰক্ষীয়ে ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা জব্দ হোৱা টকাখিনি ড্ৰাগছ বিক্ৰী কৰি লাভ কৰিছিল বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে আৰশ্বাদুজ জামান নামৰ ড্ৰাগছ ব্যৱসায়ীটো পূৰ্বে বৰপেটাৰ পূৱ দেউৰিকুচি গাৱত থকা মছজিদটোত ইমামৰূপে সেৱা আগবঢ়াইছিল ৷ পিচে ইমাম আৰশ্বাদুজ জামানে সহজলভ্য ধনৰ লালসাত প্ৰায় ডেৰ বছৰ পূৰ্বে ইমামৰ কৰ্তব্যৰ পৰা অব্যাহতি লৈ ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত হৈ পৰে । আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত ইমামটোৰ ওপৰত নজৰ ৰাখি আহিছিল আৰু অৱশেষত কালি বৰপেটা আৰক্ষীৰ অভিযানত জালত পৰে ইমামৰূপী ড্ৰাগছ সৰবৰাহকাৰী আৰশ্বাদুজ জামান৷ আৰক্ষীয়ে ৩০৯/২০২৩ U/S ২১(b)/২৯ NDPS Act. ৰ অধীনত গোচৰ ৰুজু কৰি আজি ড্ৰাগছ ব্যৱসায়ী আৰশ্বাদুজ জামানক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিচত আদালতে অভিযুক্তটোক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

Post a Comment

Previous Post Next Post