অসম শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বাবে নতুনকৈ কিছুমান নিয়ম ঘোষণা কৰিছে। যিবোৰ নিয়ম নামানিলেই নিলম্বন কৰা হ'ব শিক্ষকক।
নিয়মবোৰ হৈছে--
🔴সামাজিক মাধ্যমত কোনোধৰণৰ বিতর্কিত মন্তব্য কৰিব নোৱাৰিব ৷
🔴 কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ টিউছন ল'ব নোৱাৰিব ৷
🔴শিক্ষার্থীক কোনো প্রতিবাদী কাৰ্যসূচীত ভাগ ল'বলৈ অনুমতি দিব নোৱাৰিব ৷
🔴 ধর্ণা-বিক্ষোভৰ বাবে বিদ্যালয় ছুটী দিব নোৱাৰিব ৷
🔴 প্রতিজন প্রধান শিক্ষকে মানিব লাগিব ‘স্কুল ৰুল বুক’ ৷
🔴 কোনো দল-সংগঠনক বিদ্যালয়ত সভা-সমিতি পাতিবলৈ দিব নোৱাৰিব ৷
🔴 প্রধান শিক্ষকে ছাত্র-ছাত্রীক প্রতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ দিব নোৱাৰিব ৷
🔴 ৯ বজাৰ পিছত বিদ্যালয়ত প্ৰৱেশত নিষেধাজ্ঞা ৷
🔴 প্রতিদিনে প্রধান শিক্ষকে অতি কমেও এটা ক্লাছ ল'ব লাগিব ৷
🔴 সপ্তাহত অতি কমেও ৫ টা ক্লাছ ল'ব লাগিব প্রধান শিক্ষকে ৷
🔴 বিজ্ঞান আৰু অংক ইংৰাজীতেই শিকাব লাগিব শিক্ষার্থীক ৷