বৰপেটাৰ সমীপৰ দাবালীয়াপাৰাত আজি পুৱা সংগঠিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে দুই তৰুণ যুৱকক ৷
এজনে লগে লগে অকাল মৃত্যুক আকোৱালি লোৱাৰ বিপৰীতে আন এজনক সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্ত্তি কৰা হয় ।
মদ্যপান কৰি ডাম্পাৰৰ চালকে চলাইছিল গাড়ী ৷
গাড়ীৰ পৰা উদ্ধাৰ হৈছে মদৰ বটল ৷ বৰপেটাৰ পৰা হাউলী দিশত গৈ থকা অৱস্থাত দাবালীয়াপাৰা দলঙৰ ওপৰত এএচ ১৫ এচি ৩৫৯২ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই তৰুণ দুজনক ৷
অইন দিনৰ নিচিনাকৈ আজিও পুৱতি নিশা শৰীৰচৰ্চা কৰিবলৈ গৈছিল ২১ বছৰীয়া জাকিৰ হুছেইন মণ্ডল আৰু ২২ বছৰীয়া মীৰ শ্বাহিল আহমেদ ৷
পুৱতি নিশা শৰীৰচৰ্চা কৰি দুয়োজনে জিৰণি লৈ আছিল দাবালীয়াপাৰা দলঙৰ ওপৰত ৷ তেনে সময়তে সংঘটিত হয় উক্ত ভয়ংকৰ দুৰ্ঘটনা ৷
অকালতে হেৰাই গ'ল এটি সম্ভাৱনা পূৰ্ণ যুৱক ৷
উল্লেখযোগ্য যে মৃত আবু জাফৰ মণ্ডলৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বনঘূগী গাঁৱত ৷ বনঘূগী গাঁৱৰ জাকিৰ হুছেইন মণ্ডলৰ জ্যেষ্ঠ পুত্ৰ আবু জাফৰ মণ্ডল। শিক্ষা সূত্ৰে ঢাকালীয়াপাৰা মামাৰ ঘৰত থাকিছিল মৃত আবু জাফৰ মণ্ডলে ৷ আবু জাফৰ মণ্ডল হাউলী আই টি আইত অধ্যয়নৰত অৱস্থাত আছিল ৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা মীৰ শ্বাহিল আহমেদৰ ঘৰ বৰপেটা জিলাৰ ঢাকালীয়াপাৰাত ৷
মীৰ শ্বাহিল ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ ৷
ঢাকালীয়াপাৰাৰ আফজালুৰ ৰহমানৰ পুত্ৰ হ'ল মীৰ শ্বাহিল আহমেদ ৷ ঘটনাস্থলীত হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দাসৰ এটি সজাতি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মৃতকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰৰ চালকে দূৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ যুৱক দুজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷