নাট্যনগৰী হিচাবে পৰিচিত পাঠশালাত দীৰ্ঘদিন ধৰি এটি নাট্যমন্দিৰৰ অভাৱ আছিল ৷ পাঠশালা বজাৰ কমিটিৰ উদ্যোগত যদিও ১৯২৩ চনতে পাঠশালা নাট্যমন্দিৰৰ স্থাপন হৈছিল কিন্তু বিভিন্ন কাৰণবশতঃ নাট্যমন্দিৰটো অৱহেলিত হৈ প্ৰায় অব্যৱহৃত ৰূপ পাইছিলগৈ ৷ ৰনজিৎ কুমাৰ দাসে স্থানীয় বিধায়কৰ দায়িত্ব লোৱাৰ পিছতে নাট্যমন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰচেষ্টা হাতত লয় ৷ যাৰফলস্বৰূপে, তেখেতৰ পৃষ্ঠপোষকতা তথা আহ্বানত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আগবঢ়োৱা দান-বৰঙণিৰ প্ৰায় ৪০ লাখ টকা আৰু অন্যান্য উৎসৰ পৰা সংগ্ৰহিত পুঁজি লগলগাই সৰ্বমুঠ ৭০ লাখ টকা ব্যয়সাপেক্ষে পাঠশালা নাট্যমন্দিৰটোৰ পুনঃনিৰ্মাণ আৰু আন্তঃগাঁথনি উন্নয়ন সাধন কৰি ২২৫ খন আসনযুক্ত এটি অত্যাধুনিক সা-সুবিধা সম্পন্ন আটকধুনীয়া প্ৰেক্ষাগৃহলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হয়৷
সাংস্কৃতিক দিশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা পাঠশালাবাসীৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি পুনঃনিৰ্মাণ হোৱা নাট্যমন্দিৰটো আজি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি আহ্লাদিত হয় আৰু নাট্যমন্দিৰটো ন-ৰূপত সজাই তোলাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে তেখেতৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাখনত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, বিশিষ্ট নাট্য সংগঠক কৃষ্ণ ৰয়, বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ সমন্বিতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Credit: Barpeta Express