বৰপেটাত চাইবাৰ অপৰাধীৰ বৃহৎ চক্ৰ আৰক্ষীৰ জালত

চাইবাৰ অপৰাধ‌ ৰোধৰ ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা । বৰপেটা আৰক্ষীৰ জালত পৰিছে চাইবাৰ অপৰাধীৰ  বৃহৎ এক চক্ৰ।
বহিৰাজ্যৰ পৰা নিয়ন্ত্ৰিত হোৱা চাইবাৰ অপৰাধীৰ এক বৃহৎ চক্ৰৰ মূল অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীয়ে ৷ পশ্চিম বংগৰ শিলিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰা এই তিনিজন ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ পালোজৰি থানাৰ অন্তৰ্গত বাৰামসলি গাঁৱৰ তমেজ উদ্দিন , ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ পালোজৰি থানাৰ অন্তৰ্গত অংগৱালি গাঁৱৰ মুস্তাকিম মিঞা আৰু আফজল আনচাৰি বুলি জানিব পৰা গৈছে ৷ আৰক্ষী সূত্ৰই সদৰি কৰা মতে, পশ্চিমবংগ আৰু ঝাৰখণ্ড সীমান্তৰ জামতাৰাৰ এই চাইবাৰ অপৰাধী চক্ৰৰ সৈতে বৰপেটা জিলাৰ কলগাছিয়া আৰু বাঘবৰৰ একাংশ যুৱক প্ৰত্যক্ষভাৱে জড়িত হৈ আছে ৷ বহি:ৰাজ্যৰ এই ৰেকেটটোৱে জিলাখনৰ একাংশ যুৱকৰ লগত নেটৱৰ্ক স্থাপন কৰি দীৰ্ঘদিন ধৰি সহজ সৰল বিভিন্ন লোকক প্ৰলোভন দেখুৱাই ভূৱা একাউন্ট আৰু পাচবুকৰ জৰিয়তে লক্ষ লক্ষ টকা লুট কৰি আহিছে ৷ আৰক্ষী সূত্ৰটোৱে জনোৱা মতে, চাইবাৰ অপৰাধৰ সৈতে জড়িত কলগাছিয়া অঞ্চলৰ যুৱক কেইজনে বিভিন্ন প্ৰকাৰে সহজ সৰল মানুহৰ ফোন নম্বৰ, ঠিকনা সংগ্ৰহ কৰি এই ফোন নম্বৰৰ জৰিয়তে মোবাইলৰ ভূৱা চীমকাৰ্ড উলিয়াই অনলাইনযোগে বেংক একাউন্টৰ বাবে আবেদন কৰি এ টি এম কাৰ্ড আৰু পাচবুক সংগ্ৰহ কৰি আহিছিল ৷ পিচত এই যুৱক কেইজনে এই এ টি এম আৰু পাচবুক জামাতাৰাৰ চাইবাৰ অপৰাধী চক্ৰৰ ওচৰত বিক্ৰী কৰি আহিছিল ৷ পশ্চিমবংগ আৰু ঝাৰখণ্ড সীমান্তৰ জামতাৰাৰ এই চাইবাৰ অপৰাধী চক্ৰটোৱে বিভিন্ন ৰাজ্যৰ বিভিন্ন লোকক ভূৱা প্ৰলোভন দেখুওৱাই এই একাউন্টবোৰত ধন সোমাই দিবলৈ কয় ৷ চাইবাৰ অপৰাধী চক্ৰটোৰ প্ৰলোভনত ভোল গৈ একাউন্টত টকা সোমাই দিয়াৰ পিচতে এই চক্ৰটোৱে অনলাইনযোগে সেই একাউন্টৰ পৰা টকাখিনি লুট কৰি লৈ যায় ৷ 

গুজৰাট,ৰাজস্থান আদি ৰাজ্যত এনে ঘটনা সংঘটিত হোৱাৰ পিচতে তাৰ আৰক্ষীয়ে অনুসন্ধান চলাই বৰপেটাৰ কলগাছিয়া অঞ্চলৰ বহু লোকৰ একাউন্টত টকা সোমোৱা বুলি নিশ্চিত হয় আৰু সেই একাউন্টৰ গৰাকীক বিচাৰি দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত হোৱাৰ পিচতে এনে ঘটনা পোহৰলৈ আহে ৷ শেহতীয়াভাৱে কেইদিনমান পূৰ্ব্বে পাঠশালাৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সুব্ৰত কুমাৰ শৰ্মা নামৰ ব্যক্তি এজনৰ একাউন্টৰ পৰা ৩০ লাখ টকা কৌশলেৰে চাইবাৰ অপৰাধী চক্ৰই উলিয়াই নিয়াৰ পিচতে বৰপেটা সদৰ থানাত ভূক্তভোগী লোকজনে এজাহাৰ দাখিল কৰিছিল ৷

এই ঘটনাৰ দুদিন আগতে জামাতাৰাৰ চাইবাৰ অপৰাধী চক্ৰটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কলগাছিয়া অঞ্চলৰ এজন যুৱকে এই চক্ৰটোৰ পৰা প্ৰৱঞ্চনাৰ বলি হৈ বিষয়টো বৰপেটা আৰক্ষীক অৱগত কৰিছিল ৷ যুৱকজনৰ পৰা সমগ্ৰ চাইবাৰ অপৰাধৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচত অৱসৰপ্ৰাপ্ত লোকজনৰ ঘটনাৰ সৈতে এই চক্ৰটো জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰে ৷ বৰপেটা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰে আৰু এই ঘটনাৰ সৈতে জামাতাৰাৰ চাইবাৰ অপৰাধী চক্ৰটো জড়িত থকাৰ তথ্য লাভ কৰে ৷ 
ইয়াৰ পিচতে বৰপেটা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৪১৯/৪২০ আৰু আই টি এক্টৰ ৬৬(চি)(ডি) ধাৰাৰ অধীনত ৩৬৫/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি এই চক্ৰটোক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰে ৷ সেই অনুসৰি, বৰপেটা আৰক্ষীয়ে চীমকাৰ্ড আৰু এ টি এম যোগান ধৰাৰ কথা কৈ কলগাছিয়াৰ অভিযোগকাৰী যুৱকজনক জামাতাৰাৰ চাইবাৰ অপৰাধী চক্ৰটোক যোগাযোগ কৰিবলৈ দিয়ে আৰু চীমকাৰ্ড এ টি এম নিবলৈ অসমলৈ আহিবলৈ অনুৰোধ জনায় ৷ কিন্তু চতুৰ চক্ৰটোৱে অসমলৈ আহিবলৈ অমান্তি হয় আৰু পশ্চিমবংগৰ শিলিগুৰিলৈ আহিবলৈ কয় ৷ পিচত যুৱকজনে শিলিগুৰিলৈ যোৱাৰ কথা ব্যক্ত কৰে ৷ 

সেই অনুসৰি, যোৱা ৩ জুলাইত বৰপেটা সদৰ নগৰ উপ পৰিদৰ্শক বিশ্বজিত নাথ, কয়াকুছি আৰক্ষী চকীৰ বিষয়া সুমিত তালুকদাৰ আৰু চাইবাৰ চেলৰ ৰাহুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই শিলিগুৰিত উপস্থিত হৈ কলগাছিয়াৰ যুৱকজনৰ পৰা চীমকাৰ্ড আৰু এ টি এম নিবলৈ অহা চাইবাৰ অপৰাধী চক্ৰটোৰ তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত তিনিওজনৰ পৰা আৰক্ষীয়ে ৭ টা মোবাইল ফোন আৰু ১১ খন এ টি এম কাৰ্ড জব্দ কৰে ৷ ইয়াৰ পিচতে আৰক্ষীৰ দলটোৱে তিনিওজন অপৰাধীকে শিলিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰি বৰপেটালৈ লৈ আহে ৷ চাইবাৰ অপৰাধত জড়িত তিনিওজনকে বৰপেটা সদৰ থানাত জেৰা চলাই থকা হৈছে ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্ব্বেও এই সংক্ৰান্তীয় দুটা গোচৰ ৰুজু হৈ আছিল ৷ এটা গোচৰৰ তিনিজনক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আদালতত চাৰ্জশ্বীট দিয়া হৈছে ৷ এটা ৰাজস্থানত সংঘটিত চাইবাৰ অপৰাধৰ ঘটনাও আছে ৷
বাতৰি উৎস: বৰপেটা এক্সপ্ৰেছ

Post a Comment

Previous Post Next Post