উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত বঙাইগাঁওৰ বৰজানা হাইস্কুলৰ উচ্চ বৰ্গৰ সহায়ক এবাদত আলি আহমেদক আৰক্ষীৰ তদাৰক আৰু দুৰ্নীতি নিৰ্বাৰক শাখাৰ আটক

গোৱালপাৰা জিলাৰ বকো গাঁও পঞ্চায়তত GRS নকুল দাসে P. M. A. Y ৰ গৃহৰ নামত ধন লোৱাৰ দৃশ্য বন্দী  
ৰাজ্যত দুৰ্নীতিত শীৰ্ষস্থান অধিকাৰ কৰিছে বঙাইগাঁও জিলা।

সাম্প্ৰতিক ৰাজ্যত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুই বছৰীয়া কাৰ্য্যকালৰ চৰকাৰ চলি থকাৰ সময়তে চৰকাৰী বিভিন্ন কাৰ্য্যালয় সমূহত দুৰ্নীতিৰ অভিযোগত প্ৰায় শতাধিক চৰকাৰী বিষয়া-কৰ্মচাৰীক অসম আৰক্ষী বাহিনীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছে।তৎসতেও কোনো পৰিৱৰ্তন হোৱা নাই। বৰং নিতৌ দুৰ্নীতিৰ অভিযোগত আটক হৈয়ে আছে।এয়া অতি ৰহস্য আৰু পৰিতাপৰ বিষয়। কিন্তু সেইমতে নামনি অসমতো কোনোগুনে কম নহয়। সৌ সিদিনাখন বঙাইগাঁও নিবাসী এ চি এচ বিষয়া বিশ্বজিৎ গোস্বামীক ধুবুৰী জিলা পৰিষদত দুৰ্নীতিত নিমৰ্জিত হোৱাৰ অপৰাধত আটক হোৱাৰ পিছত এইবাৰ জিলাখনৰে উত্তৰ শালমাৰা মহুকুমাৰ অন্তৰ্গত বৰজানা উচ্চ বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক এবাদত আলি আহমেদে এগৰাকী শিক্ষয়িত্ৰী ৰ এন পি এচ একাউণ্ট ট্ৰেন্সফাৰৰ নামত ১৬০০ টকা উৎকচ অভয়াপুৰী জয় মা কালি নামৰ হোটেলত লৈ থকা অৱস্থাত আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা পেলায় ।

 বঙাইগাঁও জিলাৰ অভয়াপুৰী জিলাৰ অভয়াপুৰী চহৰৰ হোটেলত এবাদত আলি আহমেদ নামৰ কৰ্মচাৰী জনক প্ৰায় চাৰি ঘণ্টাৰ অভিযানৰ অন্তত অভিযানকাৰী দলটোৱে ঘোচ খোৰ ক গুৱাহাটীলৈ লৈ যায় ।

ইফালে গোৱালপাৰা জিলাৰ বকো ত অৱস্থিত গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰ গৃহ দিয়াৰ নামত আগছিয়া গাঁওৰ এগৰাকী হিতাধিকাৰী ৰ পৰা জি আৰ এছ এ ধন লোৱা আৰু ধন বিচাৰি মোবাইলত কথা পতাৰ দৃশ্য তথা ফোনকল ৰ সমস্ত ৰেকৰ্ডিং বন্দী হয়। 

এনেবোৰ ঘটনাই এতিয়া সমগ্ৰ নামনী অসমত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এনেকি এতিয়া সমগ্ৰ ৰাজ্যখনত বঙাইগাঁও জিলা এইক্ষেত্ৰত শীৰ্ষস্থান অধিকাৰ কৰাত জনগনৰ মাজত অতিকে ক্ষুব্ধ কৰি তুলিছে ।

Post a Comment

Previous Post Next Post