
আমেৰিকাৰ নিউয়ৰ্কত চহৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত সমগ্ৰ চহৰখনত বানপানীৰ সৃষ্টি কৰিছে। ব্ৰুকলিন আৰু লোয়াৰ মানহাটানকে ধৰি নিউয়ৰ্কৰ বহু ঠাইত ৮ ইঞ্চি (২০ চে.মি.) পৰ্যন্ত বৰষুণ হৈছে।
শুকুৰবাৰে লাগাৰ্ডিয়া বিমানবন্দৰৰ এটা টাৰ্মিনেল বন্ধ হৈ পৰে আৰু ছাবমেট্ৰ’, ৰাস্তা আৰু ঘাইপথ বানপানীত বুৰ গৈছে। নিউ জাৰ্চি চহৰতো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
গৱৰ্ণৰ কেথী হোচুলে কয় যে "এয়া এক বিপজ্জনক, জীৱনলৈ ভাবুকি কঢ়িয়াই অনা ধুমুহা"। এতিয়ালৈকে কোনো লোকৰ মৃত্যু বা গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা নাই।
নিউয়ৰ্কৰ মুখ্য জলবায়ু বিষয়া ৰোহিত আগৰৱালাই কয় যে "চহৰখনৰ নলা-নৰ্দমা ব্যৱস্থাটো ঘণ্টাত ১.৭৫ ইঞ্চিহে চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছিল।ব্ৰুকলিনৰ কিছু অংশই ইয়াৰ বোজা বহন কৰাটো কোনো আচৰিত কথা নহয়।"
নিউয়ৰ্ক আৰক্ষীয়ে একাধিক পথ বন্ধ কৰাৰ কথা ঘোষণা কৰি নেশ্যনেল গাৰ্ড মোতায়েন কৰা হৈছে বুলি কয়।