জে কে বৰুৱা (Under-19) আন্তঃজিলা ফাইনেলত গুৱাহাটীৰ জয়লাভ

জে কে বৰুৱা  (Under-19) আন্তঃজিলা ফাইনেলত গুৱাহাটীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। বৰপেটা ডি এছ এ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচখনত গুৱাহাটীয়ে বৰপেটা (Under-19) ক ৩৮ ৰানত পৰাস্ত কৰে।‌ বৰপেটাই টচত জিকি  প্ৰথমে ফিল্ডিং  কৰিবলৈ বাছি লৈছিল। গুৱাহাটীয়ে ৪৭.৩ অভাৰত ১০ উইকেট হেৰুৱায় ২১২ কৰিবলৈ সক্ষম হয়।

গুৱাহাটীৰ আদিত্য ৰায় চৌধুৰীয়ে ১০৫ বলত ৭৬, দিৱিজ পাঠকে ৫৯ বলত ৪৬ ৰান কৰে । 

প্ৰত্যুত্তৰত বৰপেটাই ৪৮.৫ অভাৰত ১০ উইকেট হেৰুৱায় ১৭৪ ৰান কৰিবলৈ সক্ষম হয়। 
বৰপেটাৰ দিপাংকৰ পলে ৪০ বলত  ৩৬, ৰঞ্জন বিকাশ দাসে ২৩ বলত ২২ ৰান কৰে ।

গুৱাহাটীৰ ৰনিত আখতাৰ ৩ টা, ৰাম কিষণ শৰ্মা ২টা আৰু বৰপেটাৰ হিমাংশু সৰস্বত ৪ টা, দিপাংকৰ পল ২টাকৈ উইকেট লাভ কৰে।
 প্লেয়াৰ অফ দা মেচ: আদিত্য ৰায় চৌধুৰী(গুৱাহাটী) ১০৫ বলত ৭৬ ৰান সংগ্ৰহৰ বাবে
 প্লেয়াৰ অফ দা ট্ৰুনামেন্ট : ৰাজীৱ লোচন দাস(বৰপেটা)ক ২০৩ ৰান সংগ্ৰহ কৰি ৬টা উইকেট দখল কৰাৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে।
 প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰ : ১৫টা উইকেট দখল কৰাৰ বাবে ৰনিত আখতাৰ(গুৱাহাটী)।
 প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বেটছমেন : ৰঞ্জন বিকাশ দাস(বৰপেটা)১৯০ ৰানৰ আকৰ্ষণীয় অৱদানৰ বাবে ।
 পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, এ চি এৰ সম্পাদক ত্ৰিদিব কোঁৱৰ, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা, এ চি এৰ চি ই অ’ প্ৰীতম মহন্ত, এ চি এ এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকা,  বৰপেটা ডি এছ এ সভাপতি গুনীন্দ্ৰ নাথ দাস,  বৰপেটা ডি এছ এ সম্পাদক সনাতন দাস , চেয়াৰমেন ছিনিয়ৰ টুৰ্ণামেণ্ট কমিটি শংকৰ দত্ত লহকৰ উপস্থিত থাকে।

Post a Comment

Previous Post Next Post