বৰপেটাৰোডৰ বীনাপানি নাৰ্চিংহোম হস্পিতালত চিকিৎসকৰ আজৱ কাণ্ড
সততে চিকিৎসাৰ ক্ষেত্ৰত বিভ্ৰাট সৃষ্টি কৰি বিতৰ্কৰ সৃষ্টি কৰি অহা বৰপেটাৰোডৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বীনাপানি নাৰ্চিংহোম এণ্ড হস্পিতালত কালি নিশা আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এগৰাকী ৰোগীক আধা অস্ত্ৰোপচাৰ কৰি চিকিৎসকে পলায়ন কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰাপ্ত খবৰ মতে, বীনাপানি নাৰ্চিং হোমখনত পিত্তস্থলীৰ পাথৰ (Gallbladder stone)ৰ চিকিৎসাধীন হৈ থকা ৰৌচনাৰা আহমেদ নামৰ ৬০ বছৰীয়া মহিলা গৰাকীক ডাঃ আবুল আইজ মুক্তাজ আহমেদ নামৰ চিকিৎসকজনে কালি সন্ধিয়াৰ ভাগত অস্ত্ৰপ্ৰচাৰ কৰা বাবে সময় দিছিল আৰু ৰোগীৰ পৰিয়ালে তাৰবাবে হস্পিতালখনত ভৰ্তি কৰে। সেই অনুসাৰে শনিবাৰে নিশা ভুক্তভোগী মহিলা গৰাকীৰ অস্ত্ৰপ্ৰচাৰ কৰিছিল হস্পিতালা খনৰ চিকিৎসক আবুলআইজ মুক্তাজ আহমেদ নামৰ চিকিৎসক গৰাকীয়ে। চিকিৎসক গৰাকীয়ে মহিলা গৰাকীক অস্ত্ৰপ্ৰচাৰ কক্ষলৈ নি পেটত দুটাকৈ ফুটা কৰে যদিও অস্ত্ৰপ্ৰচাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁ । চিকিৎসক গৰাকীয়ে অস্ত্ৰোপচাৰ আধাতে সামৰি বৰপেটা চিকিৎসালয় মহাবিদ্যালয়কৈ প্ৰেৰণ কৰাৰ বাবে পৰিয়ালক পৰামৰ্শ দিয়াত হাহাকাৰৰ সৃষ্টি হয় ৰোগীৰ পৰিয়ালৰ মাজত।
ইয়াৰোপৰি ৰোগীৰ পৰিয়ালে আয়ুষ্মান কাৰ্ড দিয়াৰ পাছতো অস্ত্ৰপ্ৰচাৰৰ বাবে হস্পিতাল কৃৰ্তপক্ষৰ পৰা পৰিয়ালক ১০ হাজাৰ টকা দাবী কৰে বুলি ভুক্তভগী পৰিয়ালে জনায়। উক্ত ঘটনাক লৈ নিশা চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তাৰমাজতে সুযোগ বুজি চিকিৎসক আবুলআইজ মুক্তাজ আহমেদ নামৰ চিকিৎসক গৰাকীয়ে গাড়ীত উঠি পলায়ন কৰে। পিছত বৰপেটাৰোড আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি শান্ত কৰে। আনহাতে, উক্ত ঘটনাৰ পিছতে হিন্দু সুৰক্ষা সেনা অসম নামৰ সংগঠনটোৰ সদস্য সকলে বীনাপানি নাৰ্ছিংহোমখনৰ বিৰুদ্ধে মূর্দাবাদ শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায় ৷ অন্যথাই চিকিৎসালয়খনত তলা লগোৱাৰ হুংকাৰ দিয়ে।