বৰপেটাৰোডৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ১২:৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰ বেগী ডাম্পাৰৰ সৈতে এখনি অল্ট’ বাহনৰ লগত হোৱা এই সংঘৰ্ষত ২ জন যুৱকৰ ঘটনাস্থলিতেই মৃত্যু হয় ৷ মৃত্যু হোৱা যুৱক দুজন হৈছে- নিৰ্মল দাস আৰু ঋতুমনি ৰয় ৷ আনহাতে গুৰুতৰ ভাৱে আহত হয় জিতুমনি ৰয়, দ্বীপজ্যোতি ৰয় আৰু জুৱেলজ্যোতি ৰয় ৷ প্ৰাপ্ত খবৰ মতে নিৰ্মল দাস নামৰ পাৰ্লাৰৰ ব্যৱসায় থকা যুৱ ব্যৱসায়ীজনে কালি অল্ট’ কে-টেন গাড়ীখন ক্ৰয় কৰিছিল সৰভোগত যোৱা কালি আৰম্ভ কৰা এটি নতুন শ্ব’ৰুমৰ পৰা ৷ নিশা বন্ধু সকলক লৈ কালি কিনা নতুন গাড়ীখনেৰে ফুৰিবলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হয় ৷
- Home
- Category
- _আন্ত:ৰাষ্ট্ৰিয়
- _ৰাষ্ট্ৰীয়
- _ৰাজ্যিক
- _আঞ্চলিক
- _প্ৰবন্ধ
- _খেল
- _অৰ্থনীতি আৰু বাণিজ্য
- _স্বাস্থ্য আৰু লাইফষ্টাইল
- _মনোৰঞ্জন
- _সামাজ আৰু ৰাজনীতি
- _শিক্ষা
- _ফেশ্বন
- _কেৰিয়াৰ
- _সাম্প্ৰতিক ঘটনা
- _বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
- _প্ৰেছ বিজ্ঞপ্তি
- ডেচবৰ্ড
- পোষ্ট
- নিউজ অসম ডিজিটেল টিভি
- বিজ্ঞাপন
- Download News Assam digital App