Sony টিভিৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান চিআইডিত ফ্ৰেড্ৰিকছৰ চৰিত্ৰত অভিনয় কৰি বিখ্যাত অভিনেতা দীনেশ ফাডনিছে আজি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৭ বছৰ। খবৰ অনুসৰি বিগত দুদিন ধৰি ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তাৰকাগৰাকী। সপ্তাহৰ শেষৰ ফালে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু সোমবাৰে তেওঁক ভেণ্টিলেটৰত ৰখা হয়। খবৰ পোৱা গৈছে যে তাৰকাগৰাকীৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰিছিল। অৱশ্যে তেওঁৰ বন্ধু তথা সহ অভিনেতা দয়ানন্দ শ্বেট্টীয়ে এই খবৰ খণ্ডন কৰে।প্ৰায় দুটা দশক ধৰি চলি থকা চিআইডিত তেওঁ ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰিছিল। শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল হৃতিক ৰোশনে অভিনীত ছুপাৰ ৩০ ছবিত। দীনেশ ফাডনিছে পত্নী নয়না আৰু তনু নামৰ এগৰাকী কন্যাক এৰি থৈ যায়।
- Home
- Category
- _আন্ত:ৰাষ্ট্ৰিয়
- _ৰাষ্ট্ৰীয়
- _ৰাজ্যিক
- _আঞ্চলিক
- _প্ৰবন্ধ
- _খেল
- _অৰ্থনীতি আৰু বাণিজ্য
- _স্বাস্থ্য আৰু লাইফষ্টাইল
- _মনোৰঞ্জন
- _সামাজ আৰু ৰাজনীতি
- _শিক্ষা
- _ফেশ্বন
- _কেৰিয়াৰ
- _সাম্প্ৰতিক ঘটনা
- _বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
- _প্ৰেছ বিজ্ঞপ্তি
- ডেচবৰ্ড
- পোষ্ট
- নিউজ অসম ডিজিটেল টিভি
- বিজ্ঞাপন
- Download News Assam digital App