সংকটজনক অৱস্থাত অসমৰ বান পৰিস্থিতি

অসমত শেহতীয়া বান পৰিস্থিতিয়ে ক্ৰমাৎ সংকটজনক ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে প্ৰায় ২২ লাখ লোক আৰু ১৫ লাখ পহুধন ক্ষতিগ্ৰস্থ হৈছে। বানৰ কবলত পৰিছে ২৯ খনকৈ জিলা। পানীত পৰি এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ জনলৈ বৃদ্ধি হৈছে। গভীৰ খাদ্য সংকটত পৰিছে পহুধন। থাকিবলৈ ঠাইৰ অভাৱ হৈছে।
২৪খন বানাক্ৰান্ত জিলাত প্ৰশাসনে স্থাপন কৰা ৫১৫টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰত ৩.৮৬ লাখৰো অধিক লোকে আশ্ৰয় লৈছে। বানপানীৰ ক্ষতিগ্ৰস্থ গাঁৱৰ সংখ্যা ৩২০৮ লৈ বৃদ্ধি হৈছে। ঠায়ে ঠায়ে বিভিন্ন ঠাইত নদীৰ মথাউৰি ভঙাৰ ফলত বহু গাঁও প্লাবিত হৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত ৩১টা বন্যপ্ৰাণীৰ মৃত্যু হোৱা বুলি ক্ষেত্ৰ সঞ্চালকে জনাইছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি বানপানীৰ পানীত ২৩টা হৰিণ উটি যোৱাৰ বিপৰীতে আন ৭টা হৰিণৰ মৃত্যু হৈছে।
গোৱালপাৰা, নগাঁও, নলবাৰী, কামৰূপ, মৰিগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ, দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাট, চৰাইদেউ, হোজাই, কৰিমগঞ্জ, শিৱসাগৰ, বঙাইগাঁও, বৰপেটা, ধেমাজি, হাইলাকান্দি, গোলাঘাট, দৰং, বিশ্বনাথ , কাছাৰ, কামৰূপ (ম), তিনিচুকীয়া, কাৰ্বি আংলং, চিৰাং, কাৰ্বি আংলং পশ্চিম, মাজুলী জিলা কেইখন বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

Post a Comment

Previous Post Next Post